Translate it in other language

Friday, 17 March 2017

প্ৰেমৰ নদী

প্ৰেমৰ নদী

এই প্ৰেমৰ নদীত সাতুৰি নাদুৰি
তোমাকেই বিচাৰি ফুৰিছো ,,
পিছে তোমাক বিচাৰি নাপালো কতো
কত লুকুৱাই গ'লা
এই নিজান ঠাইত ।
মোৰ কোমল অন্তৰক আৰু কোমল নকৰিবা ।
তুমি ঘূৰি আহা ,,,,,
মোৰ কোমল অন্তৰক কঠিন কৰাহি।
তেতিয়া হে মই জীয়াই থাকিব পাৰিম।
নহলে এই পৃথিৱীত
মই জীয়াই থাকি কি লাভ।

Written by: Manab Deka at 9th Feb, 2017

Manabdeka27@gmail.com

তোমাৰ চকুজুৰি

তোমাৰ চকুজুৰি


তোমাৰ চকুজুৰিলৈ

আজি মোৰ বৰকৈ মনত পৰিছে।

পঢ়া টেবুলত বহি আছো যদিও মই

পঢ়ি থকা নাটো

মাথো তোমাৰেই কথা ভাবি আছো ।

তোমাৰ নীলা বৰণীয়া

কাজল সনা চকুজুৰিৰ কথা ।

নাজানোঁ তুমি ক'ত গুচি গলা

মোক এৰি আনৰ হৈ ।

মোৰ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা

মোৰ নহলেও যাতে তুমি

আনৰ হৈ সদায় সুখী হৈ থকা ।

Written by: Manab Deka at 9th Feb, 2017
Manabdeka27@gmail.com

কলিজাটো যেন .. সলকি পৰিছে...

কলিজাটো যেন ...সলকি পৰিছে...

মোৰ কলিজাটো যেন কৰবাৰ
গভীৰ অৰণ্যত সলকি পৰিছে ,,
চকমক চকমক সুন্দৰ জোনাক নিশা
তথাপিও চকু দুটাৰে ভালকৈ মুনিব পৰা নাই
হাতত দুটাকৈ দামী দামী টৰ্চ লৈ বিচাৰি আছো
মোৰ কলিজাটো ,,,,,,,,,,,,,,
ছেঃ কতবা সলকি পৰিল ?
বিচাৰিয়ে নাপাও এতিয়া 
আৰে মই ইমান দেৰি কেনেকৈ জীয়াই আছো
কলিজাটো নোহোৱাকৈ
জানানে ,,,,,,,,,,,?
মাথো তোমাকেই ৰৈ আছো অ ,,,,,,,,,,,,,,,
মাথো তোমাকেই ৰৈ আছো
এবাৰ মোৰ কাষলৈ আহা
তাৰ পিছত মই চিৰদিনলৈ চকুমুদিম ,,,
আৰু আমনি নকৰো তোমাক।

……Written by: Manab Deka at 24th Feb, 2017

Manabdeka27@gmail.com